Home Minister Amit Shah present in Assam for two-day programme



দুদিনীয়া কাৰ্যসূচীলৈ অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰীৰ অসম ভ্ৰমণে কি লাভ কৰিব অসমে… 
দুদিনীয়া ব্যস্ত সূচী লৈ ৮ মে' ৰবিবাৰে অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ : 


ৰবিবাৰ(০৮/০৫/২০২২)ৰ নিশা ১০ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী উপস্থিত হ’য় লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত। 


  • নিশাটো কইনাধৰাত কটাই ৯ মে' সোমবাৰে পুৱা মানকাচৰলৈ যায় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। মানকাচৰত ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰাৰ লগতে বি এছ এফ (BSF)ৰ সৈতে বৈঠকতো মিলিত হ’ব অমিত শ্বাহ। 


  • ৯ মে’ সোমবাৰে দিনৰ ১২.৩০ বজাত তামুলপুৰত যায় অমিত শ্বাহ। তামুলপুৰত আধাৰশিলা স্থাপন কৰিব উত্তৰ-পূবৰ সৰ্ববৃহৎ অস্ত্ৰ ভাণ্ডাৰ। 


  • সন্ধিয়া ৬ বজাত গুৱাহাটীত উদ্বোধন কৰিব GMCHৰ নতুন হাস্পতাল। মুকলি কৰিব নৱনিৰ্মিত হৃদৰোগ আৰু স্নায়ু ৰোগ কেন্দ্ৰ। 
  • ৯ মে’ সোমবাৰে নিশাও কইনাধৰাতে কটাব গৃহমন্ত্ৰীগৰাকীয়ে। 
  • ১০ মে’ মংগলবাৰে পুৱা নেহৰু ষ্টেডিয়ামত অনুষ্ঠান গৃহমন্ত্ৰীৰ। পুৱা ৯.৩০ বজাত অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব অমিত শ্বাহ। 
  • দিনৰ ১.৩০ বজাত চৰকাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ বাবে খানাপাৰাত উপস্থিত হ’ব। 
  • ১০ মে’ মংগলবাৰে সন্ধিয়া ৫ বজাত কলাক্ষেত্ৰলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। কলাক্ষেত্ৰৰ পৰাই কেইবাটাও চৰকাৰী গৃহৰ আধাৰশিলা স্থাপন কৰিব। কলাক্ষেত্ৰৰ অনুষ্ঠান সামৰি দিল্লীলৈ উৰা মাৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। ৩ বজাত আমিনগাঁৱত জনগণনা ভৱন মুকলি কৰিব অমিত শ্বাহে।


Post a Comment

0 Comments