অসমত প্ৰথমবাৰলৈ ধৰ্ষণকাৰীক ফাঁচীৰ নিৰ্দেশ আদালতৰ ৰায়। कोर्ट के फैसले में असम में पहली बार बलात्कारियों को फांसी देने का आदेश दिया गया है।

         দেশ জোকাৰি যোৱা অভয়াকুটি হত্যাকাণ্ডৰ ৰায়দান। ৰাজ্যত প্ৰথমবাৰৰ বাবে ধৰ্ষণকাৰীক ফাঁচীৰ নিৰ্দেশ আদালতৰ। তিনিটাকৈ নৰপিশাচ ধৰ্ষণকাৰীক ফাঁচীৰ নিৰ্দেশ কোকৰাঝাৰ আদালতৰ। আদালতৰ ৰায়দানৰ পিছতেই পুনৰ এবাৰ চৰ্চাৰ আওতালৈ আহিছে অভয়কুটিৰ বৰ্বৰ ঘটনাটো।
       ২০২১ চনৰ ১০ জুনত হৈছিল এই নাৰকীয় হত্যাকাণ্ডটো। দুগৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যাতেই ক্ষান্ত নাথাকি গছত ওলোমাই থৈ গৈছিল এই তিনি পাষণ্ডই। এদিন পিছত অৰ্থাৎ ১১ জুনত গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল দুটি মৃতদেহ। মৃতদেহ উদ্ধাৰৰ পিছতেই ১২ জুনৰ পৰা আৰম্ভ হৈছিল আৰক্ষীৰ তদন্ত। কোকৰাঝাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰ নেতৃত্বতেই হৈছিল তদন্ত। পানেছাৰৰ নেতৃত্বতেই বিশেষ তদন্ত সমিতি এছআইটিও গঠন হয়। ভুক্তভোগী পৰিয়ালকেইটিৰ খবৰ লবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত হয় কোকৰাঝাৰত।

নছিবুল আলি শ্বেখ (১৯)

       মুখ্যমন্ত্ৰীৰ নিৰ্দেশতেই ক্ষীপ্ৰতাৰে আৰম্ভ হয় আৰক্ষীৰ তদন্ত। তদন্তত আৰক্ষীৰ হাতত পৰে এই তিনি অপৰাধী ক্ৰমে নছিবুল আলি শ্বেখ, মুজাম্মিল শ্বেখ আৰু ফৰিজুল ৰহমান। এই তিনি অপৰাধীক গ্ৰেপ্তাৰৰ পিছতেই আৰম্ভ আদালতৰ বিচাৰ প্ৰক্ৰিয়াও। ন্যায়ৰ অপেক্ষাত ৰৈ থকা ভুক্তভোগীৰ পৰিয়াললৈ অবশেষত ভাল খবৰটো আহিল। শুক্ৰবাৰে বহু অপেক্ষাৰ অন্ত পেলাই কোকৰাঝাৰ আদালতে প্ৰদান কৰিলে ৰায়। গোচৰ নং ৪৪০/২০২১ৰ বিপৰীতে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬(ডি), ৩৭৬(ডিএ), ১২০(বি), ৩০২(এ১,এ২,এ৩) ধাৰাৰ অধীনত অধীনত আদালতে দোষী সাব্যস্ত কৰিছে তিনি নৰপিশাচ ধৰ্ষণকাৰীক। আদালতে শুনানিত তিনিও ধৰ্ষণকাৰীকেই দিছে মৃত্যুদণ্ডৰ ৰায়।

মুজাম্মিল শ্বেখ (২০)


       আদালতৰ এই ঐতিহাসিক ৰায়ৰ পিছতেই অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰো মন্তব্য‌। আইনৰ উৰ্ধত কোনো নহয়। দোষ কৰিলে দোষী উপযুক্ত শাস্তি পাবই। শাস্তি ঘোষণাৰ পিছতেই এতিয়া সামাজিক মাধ্যমত বহুতেই তুলিছে প্ৰশ্ন। ৰাষ্ট্ৰপতিয়ে যদি ক্ষমাদান দৰে তেন্তে পুনৰ এবাৰ হাৰি যাব নেকি এই তিনি অপৰাধী? অৱশ্যে প্ৰায়সংখ্যক জনতাই আদালতৰ ঐতিহাসিক ৰায়দানক লৈ সুখী হৈছে।

ফৰিজুল ৰহমান (২২)


ATM SAFETY TIPS এটিএম সুৰক্ষা পৰামৰ্শএ.টি.এম.-ৰ চাৰিওফালে সন্দেহজনক কাৰ্যকলাপ বা ব্যক্তিৰ বাবে পৰীক্ষা কৰক। Check for suspicious activity or persons in & around the ATM.

Post a Comment

0 Comments