Our Constitution - INDIA আমাৰ সংবিধান

  • আমাৰ সংবিধান
  • ভাৰতীয় সংবিধানৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ
  • সংবিধানৰ অনুসূচীসমূহ
  • মৌলিক অধিকাৰ
  • মৌলিক কৰ্তব্য
:::আমাৰ সংবিধান:::
      কোনো এখন দেশৰ সংবিধানে দেশখনৰ ৰাজনৈতিক পদ্ধতিৰ প্ৰাথমিক গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে যাৰ তত্ত্বাৱধানত সৰ্বসাধাৰণ পৰিচালিত হয়। সংবিধানে ৰাষ্ট্ৰৰ মুখ্য অংগসমূহ - *বিধানমণ্ডল, *কাৰ্যপালিকা আৰু *ন্যায়পালিকা সংগঠিত কৰে;ক্ষমতা নিৰ্ধাৰণ কৰে; দায়িত্বসমূহ নিৰ্ণয় কৰি দিয়ে আৰু বিভাগসমূহৰ লগতে জনসাধাৰণৰ মাজত সম্বন্ধও পৰিচালনা কৰে। 
       প্ৰতিখন সংবিধানে ইয়াৰ প্ৰস্তুতকৰ্তা সকলৰ দৃষ্টিভংগী আৰু মূল্য প্ৰদৰ্শন কৰে আৰু ই সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক লক্ষণ আৰু মানুহৰ বিশ্বাস আৰু স্বভাৱৰ ওপৰত ভিত্তিশীল। আমাৰ দেশৰ সংবিধানখন সংবিধান সংগঠনকাৰী সভাৰ দ্বাৰা স্বাধীনতাৰ আগতে প্ৰস্তুত কৰা। হৈছল। এই সভাখন প্ৰাদেশিক বিধানসভাৰ দ্বাৰা নিৰ্বাচিত সদস্যক লৈ গঠন কৰা হৈছিল। ড° ৰাজেন্দ্ৰ প্ৰসাদ এই সংবিধান সভাৰ সভাপতি আছিল। ড° বি.আৰ. আম্বেদকাৰৰ তত্বাৱধানত খচৰা কমিটিৰ অধীনত ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰা হৈছিল।
       ভাৰতৰ সংবিধানখন ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে সংবিধান সংগঠনকাৰী সভাৰ দ্বাৰা গৃহীত কৰা হৈছিল। ই ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছিল। 
       ভাৰতীয় সংবিধানত মূলতঃ ২২ টা খণ্ড, ৪৪৮ টা অনুচ্ছেদ আৰু ১২ টা অনুসূচী আছে। ইয়াৰ পাঠসমূহ সময়ে সময়ে সংশোধিত কৰা হয়। বৰ্তমানলৈ ভাৰতীয় সংবিধানত এনে ১০৩ বাৰ সংশোধনী পোৱা যায়। 


     :::ভাৰতীয় সংবিধানৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ:::
  1.   ভাৰতীয় সংবিধান এখন লিখিত আৰু দীঘলীয়া সংবিধান। 
  2.  মূল সংবিধানত ২২ টা খণ্ড, ৩৯৫ টা অনুচ্ছেদ আৰু ১২ টা অনুসূচী আছে ।
  3.  ভাৰতীয় সংবিধানখন আংশিকভাৱে নমনীয় আৰু দৃঢ়। 
  4.  ই ভাৰতবৰ্ষক এখন সাৰ্বভৌম, সামাজিক, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্যৰূপে ঘোষণা কৰিছে। 
  5. সংবিধানে ভাৰতীয় নাগৰিকৰ বাবে মৌলিক অধিকাৰ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে। 
  6. ই ভাৰতত এক-নাগৰিকত্ব ব্যৱস্থা কৰিছে। 
  7. ভাৰতীয় সংবিধানখন যুক্তৰাষ্ট্ৰীয় আৰু একাত্মক ৰাষ্ট্ৰৰ সংমিশ্ৰণ। 
  8. ভাৰতৰ সংবিধানে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ সূচনা কৰে। 
  9. ই ভাৰতত সংসদীয় চৰকাৰ ব্যৱস্থাৰ সূচনা কৰে। 
  10. ই এখন স্বাধীন ন্যায়পালিকাৰ ব্যৱস্থা কৰে। উচ্চতম ন্যায়ালয় সংবিধানৰ অভিভাৱকস্বৰূপ আৰু ই আপীলৰ উচ্চতম আদালত। 
  11.  ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহো সংবিধানত সংলগ্ন আছে। 
  12. সংবিধানে নাগৰিকৰ বাবে মৌলিক কৰ্তব্যৰো ব্যৱস্থা কৰে। 
  13.  ই ৰাষ্ট্ৰপতিক সাংবিধানিক মুৰব্বী হিচাপে স্বীকৃতি প্ৰদান কৰে। 
Daily Information Web-app Download: Click here

:::সংবিধানৰ অনুসূচীসমূহ:::
  • প্ৰথম অনুসূচী: ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ তালিকা। 
  • দ্বিতীয় অনুসূচী: ৰাষ্ট্ৰপতি, ৰাজ্যপাল, মুখ্য ন্যায়াধীশ, উচ্চ ন্যায়ালয়ৰ আৰু উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি, নিয়ন্ত্ৰক মহালেখা পৰীক্ষক আৰু অন্যান্য কৰ্তৃত্বৰ পৰিচালকসকলৰ দৰমহা বা বেতন নিৰ্ধাৰণ। 
  • তৃতীয় অনুসূচী: শপত গ্ৰহণ আৰু ইতিবাচক দৃষ্টিভংগীৰ সূচনা কৰে। 
  • চতুৰ্থ অনুসূচী: ৰাজ্যিক পৰিষদত আসন আৱণ্টনৰ ব্যৱস্থা। 
  • পঞ্চম অনুসূচী: অনুসূচীত অঞ্চল আৰু অনুসূচীত জনজাতিসমূহৰ প্ৰশাসন আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থা। 
  • ষষ্ঠ অনুসূচী: অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম এই ৰাজ্যকেইখনৰ অনুসূচীত অঞ্চলসমূহৰ প্ৰশাসনৰ ব্যৱস্থা। 
  • সপ্তম অনুসূচী: কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত কাৰ্য আৰু ক্ষমতা বিতৰন। ইয়াত থকা বিষয়ৰ সুচীসমূহ হ'ল কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচী। 
  • অষ্টম অনুসূচী: ভাৰতীয় সংবিধানে অনুমোদিত কৰা ২২ টা দেশীয় ভাষাৰ সূচী। 
  • নৱম অনুসূচী: (১৯৫০ চনৰ প্ৰথম সংশোধনীৰ দ্বাৰা সংযোজিত): ভূমি পট্টা, ভূমি কৰ, ৰেলৱে, উদ্যোগ সম্বন্ধীয় বিধি-বিধান সংলগ্ন। 
  • দশম অনুসূচী: (১৯৮৫ চনৰ ৫২ তম সংশোধনীৰ দ্বাৰা সংযোজিত): পঞ্চায়ত ব্যৱস্থাৰ ক্ষমতা, কৰ্তৃত্ব আৰু দায়বদ্ধতা সমূহ। 
  • একাদশ অনুসূচী: (১৯৮৫ চনৰ ৭৩ তম সংশোধনীৰ দ্বাৰা সংযোজিত) : পঞ্চায়ত ব্যৱস্থাৰ ক্ষমতা, কৰ্তৃত্ব আৰু দায়বদ্ধতা সমূহ ।
  • দ্বাদশ অনুসূচী: (১৯৯৩) চনৰ ৭৪ তম সংশোধনীৰ দ্বাৰা সংযোজিত) : ৩ ধৰণৰ পৌৰ নিকায় ব্যৱস্থাৰ ক্ষমতা, কৰ্তৃত্ব আৰু দায়বদ্ধতাসমুহ। 
:::মৌলিক অধিকাৰ:::

সমতাৰ অধিকাৰ:
  1. আইনৰ চকুত সকলো সমান। (অনুচ্ছেদ ১৪)
  2. জাতি, বৰ্ণ, ধৰ্মৰ ভিত্তিত বৈষম্যতা নিষিদ্ধকৰণ। (অনুচ্ছেদ ১৫)
  3. নিয়োগৰ সা-সুবিধাৰ সমতা। (অনুচ্ছেদ ১৬)
  4. অস্পৃশ্যতা বিলুপ্তকৰণ। (অনুচ্ছেদ ১৭)
  5. বৈধ স্বত্বৰ বিলুপ্তকৰণ। (অনুচ্ছেদ ১৮)
স্বাধীনতাৰ অধিকাৰ:
  1. আত্মপ্ৰকাশ আৰু বাক স্বাধীনতা, সভা, আন্দোলন, আৱাসিক আৰু নিৰাপত্তা, বৃত্তিগত। (অনুচ্ছেদ ১৯)
  2. দোষীৰ অসন্তুষ্টি প্ৰকাশৰ সপক্ষে সুৰক্ষা। (অনুচ্ছেদ ২০)
  3. জীৱন আৰু ব্যক্তিগত স্বাধীনতা। (অনুচ্ছেদ ২১)
  4. বিশেষ পৰিস্থিতিত আটক আৰু আৱদ্ধকৰণৰ বিৰুদ্ধে সুৰক্ষা। (অনুচ্ছেদ ২২)
শোষণৰ বিৰুদ্ধে অধিকাৰ:
  1. মানৱ জীৱন আৰু শ্ৰমিকসকলৰ ওপৰত হোৱা পণন কাৰ্য নিষিদ্ধকৰণ। (অনুচ্ছেদ ২৩)
  2. বিপদসংকুল কাম-কাজত শিশুৰ নিয়োগ নিষিদ্ধকৰণ। (অনুচ্ছেদ ২৪)
ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ:
  1. হিতাহিত জ্ঞান আৰু মুক্ত বৃত্তিগত অধিকাৰ। (অনুচ্ছেদ ২৫)
  2. ধৰ্মীয় কাৰ্যকলাপসমূহ পৰিচালনাৰ অধিকাৰ। (অনুচ্ছেদ ২৬)
  3. ধৰ্মীয় উন্নয়নৰ নামত কোনো ধৰণৰ কৰ পৰিশোধৰ বিৰুদ্ধে স্বাধীনতা। (অনুচ্ছেদ ২৭)
  4. নিৰ্দিষ্ট শৈক্ষিক প্ৰতিষ্ঠানসমূহত ধৰ্মীয় নিৰ্দেশনাৰ স্বাধীনতা। (অনুচ্ছেদ ২৮)

শৈক্ষিক আৰু সাংস্কৃতিক অধিকাৰ :-

  1.    সংখ্যালঘু লোকৰ ভাষা, হস্তলিপি নাইবা সংস্কৃতিৰ সুৰক্ষা প্ৰদান। (অনুচ্ছেদ ২৯)
  2.    সংখ্যালঘু লোকৰ বাবে শৈক্ষিক প্ৰতিষ্ঠান স্থাপন আৰু প্ৰশাসন। (অনুচ্ছেদ ৩০)

সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ:-

  • বন্দী প্ৰত্যক্ষীকৰণ লেখ, পৰমাদেশ, নিষিদ্ধকৰণ, উৎপ্ৰেষণ লেখ আৰু অধিকাৰ পৃচ্ছা আদিয়ে প্ৰদান কৰা মৌলিক অধিকাৰ অধিকাৰসমূহ বলৱৎ কৰাৰ ক্ষেত্ৰত সমাধান। (অনুচ্ছেদ ৩২)

:::মৌলিক কৰ্তব্য::: 

মৌলিক কৰ্তব্যসমূহ মূল সংবিধানত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। চৰণ সিং সমিতিয়ে ভাৰতীয় নাগৰিকসকলৰ বাবে সংবিধানত মৌলিক কৰ্তব্য সংলগ্ন কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়াইছিল। এই কৰ্তব্যসমূহ ৪২তম সংশোধনীৰ দ্বাৰা সংবিধানত সংলগ্ন কৰা হৈছে। 

কৰ্তব্যসমূহ হল:-     

  • সংবিধান মানি চলা, ইয়াৰ সকলো আদৰ্শ, ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা জনোৱা।
  • স্বাধীনতাৰ বাবে কৰা আমাৰ ৰাষ্ট্ৰীয় আন্দোলনত ভাৰতবাসীক অনুপ্ৰাণিত কৰা মহান আদৰ্শসমূহ ৰক্ষা আৰু অনুসৰণ কৰা।
  • ভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰা।
  • দেশক ৰক্ষা কৰা আৰু প্ৰয়োজন অনুসৰি আহ্বান কৰিলে ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়োৱা।
  • ভাৰতৰ সকলো লোকৰ মাজত ধৰ্মীয়, ভাষিক আৰু আঞ্চলিক অথবা সাম্প্ৰদায়িক অনৈক্য অতিক্ৰম কৰি মিলা-প্ৰীতি আৰু জনসাধাৰণৰ মাজত ভ্ৰাতৃত্ববোধ গঢ়ি তোলা, নাৰীৰ মৰ্যদা হানি হোৱা আচৰণৰ পৰা বিৰত থকা।
  • আমাৰ সংস্কৃতিৰ মূল্যবান ঐতিহ্যক সন্মান দিয়া আৰু ৰক্ষা কৰা।
  •  বন, হ্ৰদ, নদী আৰু বন্য-জীৱকে ধৰি প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰা আৰু উন্নয়ন কৰা, তথা সকলো জীৱিত প্ৰাণীৰ প্ৰতি দয়াভাৱ ৰখা। 
  • জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী, মানৱতাবোধ আৰু অনুসন্ধানমূলক তথা সংস্কাৰ মনোভাৱৰ বিকাশ সাধন কৰা। 
  •  ৰাজহুৱা সম্পত্তি ৰক্ষা আৰু হিংসাত্মক কাৰ্য পৰিহাৰ কৰা আৰু
  • ব্যক্তিগত আৰু ৰাজহুৱা কাম-কাজৰ ক্ষেত্ৰত উৎকৰ্ষ সাধন কৰা, যাতে ৰাষ্ট্ৰই উন্নতি পথত সফলতাৰে আগবাঢ়ি যাব পাৰে। 

Post a Comment

0 Comments