assam police commando battalion recruitment test, Five arrested in certificate fraud case.

 

অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়নৰ নিযুক্তি পৰীক্ষাত চাৰ্টিফিকেট জালিয়াতি গোচৰত ৫ জনক গ্ৰেপ্তাৰ।

চার্টিফিকেট জালিয়াতিত জড়িত এজন অৱসৰপ্ৰাপ্ত আৰক্ষী, শিক্ষকসহ ৫জনক গ্ৰেপ্তাৰ কৰে ডিমা হাছাও আৰক্ষীয়ে।

5th APBn অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়নৰ নিযুক্তি পৰীক্ষাত চার্টিফিকেট জালিয়াতিৰ ঘটনা।

কাছাৰৰ পৰা ৫জনক গ্ৰেপ্তাৰ কৰিছে ডিমা হাছাও আৰক্ষীয়ে।


ভুৱা চাৰ্টিফিকেটেৰে অসম আৰক্ষীৰ কমাণ্ডো নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল কাছাৰৰ ধোৱাৰবন্দৰ বাসিন্দা অমিত কৰ্মকাৰ (২৪) আৰু কালাইনৰ বাসিন্দা সুৰজ কৰ্মকাৰ (৩১)।

ভুৱা নথিপত্ৰ লৈ সাক্ষাৎকাৰত উপস্থিত হোৱাৰ বাবে তেওঁলোকক পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল ডিমা হাছাও আৰক্ষীয়ে।

ইয়াৰ পাছতেই আৰক্ষীয়ে ভুৱা নথিপত্ৰৰ উৎস বিচাৰি তদন্ত আৰম্ভ কৰি দুই যুৱকৰ ভাষ্যৰ ভিত্তিত কাছাৰৰ বিভিন্ন স্থানৰ পৰা ৫জনক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে।

তেওঁলোক ক্ৰমে উধাৰবন্দ এলেকাৰ বাসিন্দা এল পি স্কুলৰ শিক্ষক নাজিমউদ্দিন চৌধুৰী (৫০), শিলচৰ চহৰৰ তাৰাপুৰৰ অৱসৰপ্ৰাপ্ত আৰক্ষী প্রদীপ দেৱৰয় (৬২), 

কঠাল ৰোডৰ পৰা উত্তম দে’ (৩৬),ধোৱাৰবন্দৰ পৰা গোবিন্দ হাজাম (২৮) আৰু কালাইন চাহ বাগিচাৰ বাসিন্দা সুমিত মোহালীক (৩০)।

আৰক্ষীয়ে জনোৱা মতে, অমিত কর্মকাৰ আৰু সুৰজ কৰ্মকাৰক ধনৰ বিনিময়ত ভুৱা চাৰ্টিফিকেট ছপাই দিয়াত সহযোগিতা কৰিছিল তেওঁলোকে।

ভুৱা চাৰ্টিফিকেটেৰে জড়িত আটাইকেইজন আৰক্ষীৰ জিম্মাত।

Post a Comment

0 Comments